27 C
Guwahati
Wednesday, December 1, 2021
More

    আপুনি যদি ৰাজধানী, শতাব্দী আৰু দূৰন্ত ৰে’লত যাত্ৰা কৰে তেন্তে পঢ়ক এই খবৰটো

    ৰে'লৱে ৱৰ্ডে ৰাজধানী, শতাব্দী আৰু দূৰন্ত ৰে'লত যাত্ৰা কৰাৰ সময়ত আপোনালোকক দিয়া খাদ্যৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

    যদি আপোনালোকে ভাৰতীয় ৰেল’ৱেত নিয়মিতভাৱে যাত্ৰা কৰে তেন্তে আপোনালোকৰ বাবে এই খবৰটো জানি থোৱাৰ যথেষ্ট প্ৰয়োজন। ৰে’লৱে ৱৰ্ডে ৰাজধানী, শতাব্দী আৰু দূৰন্ত ৰে’লত যাত্ৰা কৰাৰ সময়ত আপোনালোকক দিয়া খাদ্যৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    চৰকাৰৰ এক আদেশত এই তথ্য পোহৰলৈ আহিছে। নতুন আদেশ অনুসৰি, শীত–তাপ নিয়ন্ত্ৰিত প্ৰথম কক্ষত দিয়া চাহৰ মূল্য ৬ টকাকৈ বৃদ্ধি কৰি হ’ব ৩৫ টকা আৰু পুৱাৰ আহাৰৰ মূল্য ৭ টকাকৈ বৃদ্ধি কৰি হ’ব ১৪০ টকা।

    ইয়াৰোপৰি দুপৰীয়া অথবা নিশাৰ আহাৰৰ মূল্য ১৫ টকাকৈ বৃদ্ধি কৰি হ’ব ২৪৫ টকা। লগতে শীত–তাপ নিয়ন্ত্ৰিত দ্বিতীয় আৰু তৃতীয় কক্ষত চাহৰ মূল্য ৫ টকাকৈ বৃদ্ধি কৰি ২০ টকা, পুৱাৰ আহাৰৰ মূল্য ৮ টকাকৈ বৃদ্ধি কৰি ১০৫ টকা আৰু দুপৰীয়া অথবা নিশাৰ আহাৰৰ মূল্য ১০ টকাকৈ বৃদ্ধি কৰি হ’ব ১৮৫ টকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং