উত্তৰ প্ৰদেশৰ দেৱৰীয়া জিলাত অভিযোগ দাখিল কৰিব অহা মহিলাক অশ্লীল ইংগিত কৰা আৰক্ষী বিষয়াৰ পলায়ন।
ভটনী থানাত ভূমি বিবাদ সন্দৰ্ভত অভিযোগ দাখিল কৰিব অহা মহিলাৰ সন্মুখত হস্তমৈথুন কৰা আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ পিছতে ঘটনাস্থলীৰ পলায়ন কৰে।
SPয়ে আৰক্ষীজনৰ গ্ৰেপ্তাৰৰ বাবে ২৫ হাজাৰ টকাৰ পুৰষ্কাৰ ঘোষণা কৰে।
বৰ্তমান অশ্লীল ইংগিত দিয়া বিষয়াজনৰ সন্ধান অভিযান অব্যাহত।
দেৱৰীয়াৰ ভটনা থানাৰ কৰ্তব্যৰত আৰক্ষী বিষয়া ভীষ্ম পাল সিং যাদৱে মহিলাগৰাকীৰ সন্মুখতে নিজৰ পেণ্ট খুলি হস্তমৈথুন কৰিব ধৰিছিল।

ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে জোকাৰণিৰ সৃষ্টি হয়।
ভুক্তভোগী মহিলাগৰাকীয়ে আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।
ভটনী থানাৰ অন্তৰ্গত অমৱান তিৱাৰী গাঁও নিৱাসী এগৰাকী যুৱতী মাতৃৰ সৈতে ভূমি বিবাদৰ অভিযোগ লৈ
বিগত ২৫ জুনত থানাত উপস্থিত হৈছিল।
ভুক্তভোগীৰ মতে তেওঁ যেতিয়া আৰক্ষী বিষয়া ভীষ্ম পাল সিং যাদৱ নিজৰ চেম্বাৰত উপস্থিত হৈছিল তেতিয়া আৰক্ষীজনে কোৱাৰ বাবে চকীত বহিছিল।
ভূমি বিবাদ সম্বন্ধত কথা পাতি-পাতি কৰ্তব্যৰত আৰক্ষী বিষয়াজনে নিজৰ পেণ্টৰ জীপ খুলি নিজৰ প্ৰাইভেট পাৰ্ট ওলিয়াই আৰু ইংগিত কৰিবলৈ আৰম্ভ কৰিছিল।
ভুক্তভোগী মহিলাগৰাকীয়ে কোৱা অনুসৰি তেওঁ বিষয়াজনৰ সমগ্ৰ ঘটনা মোবাইলত বন্দী কৰে আৰু এজন লোকৰ সহায়ত ভিডিঅ’টো ছচিয়েল মিডিয়াত পোষ্ট কৰে।
দেৱৰীয়া আৰক্ষী অধীক্ষক শ্ৰীপতি মিশ্ৰাই ভুক্তভোগী মহিলাগৰাকীৰ অভিযোগত কৰ্তব্যৰত আৰক্ষী বিষয়া
ভীষ্ম পাল সিং যাদৱৰ বিৰুদ্ধে ভটনী থানাত ৩৫৪(ক)/৫০৯/১৬৬ৰ আধাৰত গোচৰ ৰুজু কৰে।
উল্লেখ্য যে ভীষ্ম পাল সিং যাদৱক ৪ দিন পূৰ্বে কোনো ঘটনাৰ জড়িতৰ অভিযোগত আৰক্ষী অধীক্ষকে নিলম্বিত কৰিছিল।
Photo Credit: gujaratexclusive.in