29 C
Guwahati
Wednesday, May 18, 2022
More

    কলিয়াবৰত ভয়ংকৰ দুৰ্ঘটনা, পথৰ ওপৰতে কেইবাপাক খালে বাহনে

    গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখে আহি আছিল বাহনখন

    কলিয়াবৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ ওপৰতে কেইবাপাক খালে এখন চাৰিচকীয়া বাহনে। এই দুৰ্ঘটনাটোৰ ফলত এজন গুৰুতৰভাৱে আহত। সংকট জনক অৱস্থাত আহতজনক চিকিৎসালয়লৈ প্ৰেৰণ।

    ঘটনাটো সংঘটিত হৈছে দাৰিগজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। গুৱাহাটীৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত AS 01 AG 1681 নম্বৰৰ এল্ট’ বাহন খনে তিব্ৰ বেগত আহি পথৰ মাজত থকা পিলাৰত খুন্দা মাৰি পথৰ মাজতে বাগৰি পৰে।

    আহত ব্যক্তি জনক সংকট জনক অৱস্থাত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত ১০৮ ৰ জৰিয়তে জখলাবন্ধা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জানিব পৰা মতে, আহত ব্যক্তিজন গোলাঘাটৰ নলিণ চন্দ্ৰ সন্দিকৈ। চাৰিলেনযুক্ত পথ নিৰ্মাণৰ কাম আধৰুৱা কৰি পথৰ মাজত দি থোৱা পিলাৰত খুন্দা মৰাৰ ফলতেই ঘটনাটো সংঘটিত হয়।

    Photo credit: @dipubora

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং