25.4 C
Guwahati
Thursday, October 14, 2021
More

    Breaking: সোণাৰিত ডাম্পাৰৰ দৌৰাত্ম্য, মহতিয়াই নিলে দুখনকৈ বাহন

    তীব্ৰগতিত আছিল নম্বৰপ্লেটবিহীন ডাম্পাৰখন

    সোণাৰিত ডাম্পাৰৰ দৌৰাত্ম্য, তীব্ৰবেগী ডাম্পাৰে মহতিয়াই নিলে দুখনকৈ বাহন। ঘটনাটো সংঘটিত হয় সোণাৰি-মৰাণ সংযোগী পথৰ ভজো বগৰীগুৰিত।

    তীব্ৰবেগী নম্বৰপ্লেটবিহীন ডাম্পাৰখনে AS 04 U 0387 নম্বৰৰ এখন চুউফট ডিজায়াৰ গাড়ীক পিছফালৰ পৰা তীব্ৰ গতিত খুন্দা মৰাৰ লগতে মেৰামতি কৰি থকা এখন যাত্ৰীবাহী AS 06 AC 4003 নম্বৰৰ কুইজাৰক খুন্দা মাৰে।

    খুন্দা মৰাৰ ফলত দুয়োখন বাহনৰ বিস্তৰ ক্ষতি সাধন। আনহাতে কথমপি প্ৰাণ ৰক্ষা পৰে দুই চুউফট আৰোহীৰ। ক্ষুব্ধ ৰাইজে ডাম্পাৰৰ চালকক উত্তম-মাধম সোধাই আৰক্ষীক সমজাই দিয়ে।

    Photo Credit: Hansang Kuwar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং