অৰুণাচলত বিজেপিৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰৰ বাসগৃহত বিধ্ৱংসী অগ্নিকাণ্ড। জুইত নিমিষতে ছাই হৈ যায় ডমিনিক টাডৰ বাসগৃহটো।

নীৰজুলিৰ লেখী ভেলেজত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।

জুইৰ লেলিহান শিখাই আৱৰি ধৰে বহুকেইখন বাহন। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন। শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই ঘটনা।

বৰ্তমানলৈ জানিব পৰা হোৱা অগ্নিকাণ্ডৰ কাৰণ। ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে।
