26 C
Guwahati
Wednesday, September 28, 2022
More

    কৰিমগঞ্জত বিধ্বংসী অগ্নিকাণ্ড, জুইত জাহ ৪টা বাসগৃহসহ এখন দোকান

    বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি ৰাইজৰ ধাৰণা

    কৰিমগঞ্জ চহৰত পুৱতিনিশা বিধ্বংসী অগ্নিকাণ্ড। চহৰখনৰ নীলমনি ৰোড এলাকাত সংঘটিত অগ্নিকাণ্ডত জাহ যায় ৪টাকৈ ঘৰৰ লগতে এখন দোকান। জ্বলি ছাৰখাৰ হয় বাইক আৰু ই-ৰিক্সাও। প্ৰায় ৪০ লাখ টকাৰ ক্ষতিসাধন হয়এই অগ্নিকাণ্ড।

    অগ্নিকাণ্ডৰ দৃশ্য

    ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দল পলমকৈ উপস্থিত হয় যদিও অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয়। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হৈছে বুলি ৰাইজৰ ধাৰণা। অগ্নিকাণ্ডত অৰবিন্দ দাস, অঞ্জন দাস, অনীল দাস আৰু অসীম দাস নামৰ লোককেইজনৰ ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং