28 C
Guwahati
Monday, September 26, 2022
More

    ধুবুৰীত বিধ্বংসী অগ্নিকাণ্ড, চাওক VIDEO

    বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

    ধুবুৰীৰ চান্দাখোল বজাৰত বিধ্বংসী অগ্নিকাণ্ড৷ অগ্নিকাণ্ডত দুখন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ।

    অগ্নিকাণ্ডৰ ফলত দোকানখনৰ লক্ষাধিক টকাৰ সামগ্ৰী জাহ যায়। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আজি দুপৰীয়া ১২.১৫ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং