30 C
Guwahati
Friday, September 23, 2022
More

    সৰুপথাৰত বিধ্বংসী অগ্নিকাণ্ড, ৬খনকৈ দোকান ভস্মীভূত

    ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত অগ্নি নিৰ্বাপন কৰে

    সৰুপথাৰ নগৰৰ ৪নং ৱাৰ্ডত ভয়াৱহ অগ্নিকাণ্ড। অনুপ দেৱ কমপ্লেক্সত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা। জুইত ৬ খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত অগ্নি নিৰ্বাপন কৰে।

    বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জুইত ভস্মীভূত দোকানকেইখন আছিল কাপোৰৰ আৰু প্ৰসাধন সামগ্ৰীৰ। বৃহস্পতিবাৰে সাপ্তাহিক বন্ধ থকাৰ বাবে বন্ধ হৈ আছিল দোকানসমূহ।

    স্থানীয় ৰাইজে দোকানকেইখনৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰে। জুইত প্ৰায় ২০ লাখ টকাৰ সামগ্ৰী জাহ যায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং