নলবাৰীত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড। জুইত সম্পুৰ্ণৰূপে জাহ যায় দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। অগ্নিকাণ্ডৰ ফলত কেইবালক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ক্ষতিসাধন।
জিলাখনৰ বৰভাগৰ আঠঘৰীয়াত সংঘটিত হয় এই অগ্নিকাণ্ড। দুষ্কৃতিকাৰীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান দুখনত অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় লোক আৰু দুই ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকৰ।

অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই। নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান চকুৰ সমুখতে জুইত জাহ যোৱা দেখি কান্দোনত ভাগি পৰিছে ব্যৱসায়ীসকল।
Photo Credit: Hirak Deka