বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। আবু খায়েৰ শ্ৱেখ নামৰ লোকজনৰ ঘৰত জুইৰ সূত্ৰপাত।

অগ্নিকাণ্ডত ৩টা বাসগৃহৰ লগতে প্ৰয়োজনীয় নথি-পত্ৰও জাহ যায়। জুইত দুটা পশুধনৰ মৃত্যু হয়। অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত উপস্থিত নোহোৱাত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপন হয়।