27 C
Guwahati
Wednesday, June 29, 2022
More

    নগাঁৱৰ বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

    নগাঁৱৰ বেবেজীয়া চাৰিলেনযুক্ত পথত ভয়ংকৰ পথ দূৰ্ঘটনা। দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়।

    ৰাজপথত ৰখাই থোৱা এখন ট্ৰাকত গুৱাহাটীৰ পৰা নগাঁও অভিমুখী এখন ট্ৰাকৰ প্ৰচণ্ড খুণ্ডা।

    থিতাতে নিহত হোৱা লোক জন খুণ্ডা মৰা ট্ৰাকখনৰে হেণ্ডিমেন আছিল। আনহাতে ড্ৰাইভাৰ জনক সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

    বাতৰি লিখা পৰলৈ নিহত আৰু আহত লোক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই।

    দূৰ্ঘটনা সংঘটিত হোৱা ট্ৰাকখনৰ নম্বৰ এ এচ ০১ এইছ চি ৭৮৬২।

    Input and Photo Credit: Biju Gohain

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং