26 C
Guwahati
Thursday, September 29, 2022
More

    তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

    আহত আটাকেইজন কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত চিকিত্সাধীন

    বাক্সা জিলাৰ তামুলপুৰৰ মেনকা চাহ বাগিচাৰ সন্মুখত সংঘটিত পথ দুৰ্ঘটনাত ২জন লোক নিহত হোৱাৰ লগতে ৪জন গুৰুতৰভাৱে আহত হয়। টেম্প’ আৰু স্কুটিৰ মুখামুখি সংৰ্ঘষৰ ফলতে সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা।

    দুৰ্ঘটনাটোত নিহত চিমিয়ন নাৰ্জাৰী আৰু গুৰুতৰভাৱে আহত অৰ্জুন মুছাহাৰীক সংকটজনক অবস্থাত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও আদবাটতে মৃত্যু হয় অৰ্জুন মুছাহাৰীৰ। ইফালে টেম্পখনৰ যাত্ৰী মনেশ্বৰ নাৰ্জাৰী, নন্দেশ্বৰ বসুমতাৰী, গোবৰ্ধন খাখলাৰী আৰু প্ৰদীপ নাৰ্জাৰী সম্প্ৰতি কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত চিকিত্সাধীন।

    Image credit: knysnaplettherald.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং