33 C
Guwahati
Friday, August 5, 2022
More

    শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন

    নিহত বাইকখনৰ চালক ৰবীন্দ্ৰ সিং নামৰ এজন যুৱক।

    ৰাজ্যত দিনে দিনে বৃদ্ধি হৈ গৈ আছে পথ দুৰ্ঘটনা। পুনৰ শিৱসাগৰ নগৰৰ বাইপাচত সংঘটিত পথ দুৰ্ঘটনাত ৰবি সিং নামৰ এজন লোক থিতাতে নিহত। এখন বাইকত জোৰত খুন্দা মাৰে সেনাবাহিনীৰ কনভয়ৰ এখন দ্ৰুতবেগী ট্ৰাকে। দুৰ্ঘটনাটোত থিতাতে নিহত বাইকখনৰ চালক ৰবীন্দ্ৰ সিং নামৰ এজন যুৱক।

    দুই সন্তানৰ পিতৃ ৰবীন্দ্ৰ সিং ৰবি ব্যক্তিগত ৰিকভাৰী ক্ৰেনৰ চালক হিচাপে কৰ্মৰত আছিল। শিৱসাগৰ গুৰুদ্বাৰা প্ৰৱন্ধক কমিটিৰ সভাপতি গুৰমিত সিঙৰ তৃতীয় পুত্ৰ আছিল নিহত যুৱকজন। দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজে আৱদ্ধ কৰি ৰাখে ট্ৰাকখন। দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

    দুৰ্ঘটনাটোৰ ফলত যাতায়ত ব্যাহত হৈ পৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথটো।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং