কাছাৰৰ লক্ষীপুৰ উজান তাৰাপুৰত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ২জন যুৱক। বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।

দুৰ্ঘটনাটোত নিহত যুৱক দুজনৰ নাম হ’ল ছেলিম আহমেদ আৰু শ্বাহৰুখ খান বৰভূঞা। বিপৰীত দিশৰ পৰা অহা এখন ডাম্পাৰে মহটিয়াই যুৱক দুজনক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় যদিও চালকৰ পলায়ন।