25 C
Guwahati
Thursday, October 21, 2021
More

    মাৰুতী ছুজুকীৰ গাড়ী কিনিব নেকি? পাব ১ লাখ টকালৈ ৰেহাই

    সকলোতকৈ অধিক ৰেহাই দিয়া হৈছে মাৰুতী ছুজুকী এছ-ক্ৰছ ডিজেল বাহন খনত

    বিশেষ ৰেহাই মূল্য আগবঢ়াই আছে মাৰুতী ছুজুকীয়ে। এই প্ৰতিস্থানটোৰ বাহন কিনিলে আপুনি পাব ১ লাখ টকালৈকে ৰেহাই। নতুন কিনাৰ লগতে আপোনাৰ পুৰণি বাহনখনো সলালে লাভ কৰিব এই আকৰ্ষণীয় ৰেহাই। পিছে এই ৰেহাই কেৱল সীমিত সময়ৰ বাবেহে।

    নতুন বৰ্ষত বৃদ্ধি পাব ইয়াৰ মূল্য। যদিহে আপুনি গাড়ী কিনাৰ কোনো পৰিকল্পনা কৰি আছে তেন্তে শীঘ্ৰে কৰক। চলিত বৰ্ষৰ এই অন্তিম মাহটোতে অকল পাব এই বিশেষ আকৰ্ষণীয় ৰেহাই।

    মাৰুতী ছুজুকী ইগ্নিচ পেট্ৰল, এই বাহন খনত পাব ৫২,০০০ টকা ৰেহাই , লগতে একচেঞ্জ অফাৰ ২০,০০০ টকা, কৰ্পৰেট অফাৰ ৭০০০ টকা আৰু কনজিউমাৰ অফাৰ ২৫,০০০ টকা।

    Photo Credit: carandbike

    মাৰুতী ছুজুকী ব’লেনো পেট্ৰ’ল বাহন খনত ৩৫,০০০ টকা আৰু ডিজেল বাহন খনত ৬২,৪০০ টকাৰ ৰেহাই, লগতে ৫ বছৰৰ অতিৰিক্ত ৱাৰেন্টি।

    Photo Credit: Autocar India

    সকলোতকৈ অধিক ৰেহাই দিয়া হৈছে মাৰুতী ছুজুকী এছ-ক্ৰছ ডিজেল বাহন খনত। মুঠ ১লাখ ১৩ হাজাৰ টকা ৰেহাই। লগতে অতিৰিক্ত ৫ বছৰৰ ৱাৰেন্টিৰ ৰেহাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং