28 C
Guwahati
Thursday, October 28, 2021
More

    ভাৰতীয় সেনাৰ সাফল্য, ভাৰত সীমান্তৱৰ্তী এলেকাত পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদী নিহত

    গোপনসূত্ৰে ভাৰতীয় সেনাই খবৰ লাভ কৰিছিল যে লষ্কৰৰ সন্ত্ৰাসবাদীয়ে একগোট হৈ ভাৰতত প্ৰৱেশ কৰাৰ কৌশল ৰচনা কৰি আছে

    ভাৰত সীমান্তৱৰ্তী নিয়ন্ত্ৰণৰেখাৰ ভিতৰৰ কৃষ্ণঘাটি আৰু মানটোক চেক্টৰত বৃহস্পতিবাৰে ভাৰতীয় সেনাৰ সাফল্য। ভাৰতত প্ৰৱেশৰ বাবে কৰা পাকিস্তানৰ অপচেষ্টাক ধুলিসাৎ কৰে ভাৰতীয় সেনাই। পাকিস্তানী সেনা আৰু সন্ত্ৰাসবাদীৰ কেইবাটাও লাঞ্চিং পেড ধ্বংস কৰি দিয়াৰ লগতে নিহত হয় কেইবাটাও সন্ত্ৰাসবাদী সহিতে সেনা। কুপৱাৰা চেক্টৰৰ সন্মুখৰ অথমুক্কমস্থিত পাকিস্তানী বিগ্ৰেদৰ মুখ্যালয় আৰু এছ এছ জি কেন্দ্ৰৰো বহুত ক্ষতিসাধন হয়।

    এক গোপনসূত্ৰে ভাৰতীয় সেনাই খবৰ লাভ কৰিছিল যে লষ্কৰৰ সন্ত্ৰাসবাদীয়ে একগোট হৈ ভাৰতত প্ৰৱেশ কৰাৰ কৌশল ৰচনা কৰি আছে। পিছে সেই কৌশল সফল হোৱাত বাধা দি ভাৰতীয় সেনাই লাভ কৰে সাফল্য। অৱশ্যে এই আক্ৰমণৰ ফলত হোৱা ক্ষয় ক্ষতিৰ কোনো ধৰণৰ কথা সদৰি কৰা নাই পাকিস্তান সেনা তথা সংবাদমাধ্যমে।

    Photo Credit: Newindianexpress

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং