26 C
Guwahati
Sunday, October 24, 2021
More

    মেঘালয়ৰ ইছামতিত আৱদ্ধ শ্ৰমিকক সুকলমে উদ্ধাৰ , অন্যঠাইৰ সকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত

    মেঘালয়ত আৱদ্ধ শ্ৰমিকসকলকক সুৰক্ষা প্ৰদান আৰু উদ্ধাৰৰ আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

    অশান্ত মেঘালয়ত আৱদ্ধ অসমৰ বহু শ্ৰমিক। ঠায়ে ঠায়ে উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে আৰক্ষীৰ। তাৰ মাজতে ৰাজ্যখনৰ ইছামতিত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে প্ৰশাসন তথা আৰক্ষী। অসম চৰকাৰ আৰু বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহৰ তত্বাৱধানত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে শ্ৰমিকসকলক|

    বৰ্তমানে উদ্ধাৰ কৰা শ্ৰমিকসকলক গুৱাহাটীৰ যোৰাবাটত ৰখা হৈছে| আনহাতে বৰ্তমানেও মেঘালয়ত অন্য বহু ঠাইত আবদ্ধ অসমৰ শ্ৰমিক। নগৰবেৰা সোণতলিৰ শ শ শ্ৰমিক আৱদ্ধ চুবুৰিয়া ৰাজ্যখনত।

    হাহাকাৰ পৰিস্থিতি লাগিছে ৰাজ্যখনত আৱদ্ধ সোণতলিৰ প্ৰায় ডেৰ শতাধিক শ্ৰমিকৰ মাজত। সোণতলিৰ পৰা কৰ্মসূত্ৰে মেঘালয়লৈ গৈছিল বহু শ্ৰমিক। শুকুৰবাৰৰ পৰা শ্ৰমিকসকল আৱদ্ধ হৈ আছে ইষ্ট খাছী হিলচত।

    মেঘালয়ত আৱদ্ধ শ্ৰমিকসকলকক সুৰক্ষা প্ৰদান আৰু উদ্ধাৰৰ আহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৃষক মুক্তিৰ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যালয়ত আহ্বান কৰা সংবাদমেলত এই কথা সদৰি কৰিলে কৃষক মুক্তিৰ উপদেষ্টা হুছেইন মহম্মদ ছাজাহানে।

    Inputs and Photo Credit: @hassinuralom @nurafrujulislam

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং