২ অক্টোবৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ প্লাষ্টিকৰ বিৰুদ্ধে এটা ‘নতুন জন আন্দোলন’ আৰম্ভ কৰাৰ আহ্বান জনালে। দেওবাৰে মন কী বাত’ত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীত আমি প্লাষ্টিকৰ বিৰুদ্ধে এক নতুন জন আন্দোলন আৰম্ভ কৰিম।
প্ৰদূষণ মুক্ত কৰিবলৈ প্লাষ্টিকৰ আৱৰ্জনা উচিতভাৱে সংগ্ৰহ কৰিবলৈও আহ্বান জনালে।
নৰেন্দ্ৰ মোদীয়ে কৰিছিল আৱেদন
প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱসৰ অনুষ্ঠানতো দেশবাসীক সম্বোধন জনাই কৈছিল যে প্লাষ্টিক ব্যৱহাৰ কৰা বন্ধ কৰক। তেওঁ পৰামৰ্শ দিলে যে দোকানীয়ে গ্ৰাহকক পৰিৱেশ প্ৰদূষণ নোহাৱা মোনাহে প্ৰদান কৰক।