ছহিদ সাংবাদিক মাণিক দেউৰী বঁটা ঘোষণা, কাৰ্বি কাকত থেক্কাৰৰ সম্পাদক লংছিং টেৰন আৰু ডিমা হাচাওৰ ইংৰাজী কাকত হাফলং টাইমচৰ সম্পাদক সূৰ্য থাওচেনলৈ যুটীয়াভাৱে আগবঢ়োৱা হৈছে ছহিদ সাংবাদিক মাণিক দেউৰী বঁটা। সদৌ অসম সাংবাদিক সন্থাই প্ৰতিবছৰে আগবঢ়াই আহিছে এই সন্মান।
উল্লেখ্য যে ১৯৯৬ চনৰ ২৬ এপ্ৰিলত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল সাংবাদিকতাকে জীৱনৰ কৰ্ম হিচাপে লৈ নিষ্ঠাসহকাৰে সেৱা আগবঢ়োৱা কাৰ্বি আংলঙৰ সাংবাদিক মাণিক দেউৰীক।