27 C
Guwahati
Monday, September 26, 2022
More

    মহানগৰীত এগৰাকী মহিলাক চোকা অস্ত্ৰৰে আক্ৰমণ যুৱকৰ

    অমিত শ্বাহৰ আগমণত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হয় এই ঘটনা

    দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। অমিত শ্বাহৰ আগমণত মহানগৰীত এতিয়া বৃদ্ধি হৈছে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা। কিন্তু আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীৰ মাজমজিয়া বেলতলাত সংঘটিত হয় এক নৃশংস ঘটনা। গৃহমন্ত্ৰী সভা অনুষ্ঠিত হোৱা খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সমীপস্থ বেলতলাৰ বিষ্ণু মন্দিৰৰ সমীপত এগৰাকী মহিলাক চুৰিৰে আঘাত কৰে এজন যুৱকে।

    লক্ষ্য কলিতা নামৰ এজন যুৱকে আমিনুল বেগম নামৰ মহিলাক চুৰিৰে উপৰ্য্যুপৰি আক্ৰমণ কৰে। আক্ৰমণকাৰী লক্ষ্য কলিতাই আহত আমিনুল বেগমক নিজৰ পত্নী বুলি জানিবলৈ দিয়ে যদিও কিছুমাহ পূৰ্বে দুয়োৰে মাজত বিবাহ বিচ্ছেদ হৈছিল। ঘৰলৈ ওভতাৰ পথতে সংঘটিত হয় এই ঘটনা। আহত মহিলাগৰাকী সম্প্ৰতি হাস্পতালত চিকিত্সাধীন।

    মহিলাগৰাকীক আক্ৰমণৰ পিছতে স্থানীয় ৰাইজে আক্ৰমনকাৰী লক্ষ্যক উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং