হোজাইত নৃশংসভাৱে হত্যা কৰে প্ৰাক্তন মহিলা মৰ্চা সভানেত্ৰী মমতা থাইছেন বৰাৰ পুত্ৰ ৰমানন্দ বৰাক। দাৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে বৰাক।
দীপক ৰাজখোৱা নামৰ এজন লোকৰ বিৰুদ্ধে হত্যা কৰাৰ অভিযোগ। হোজাই বিদ্যানগৰত বিগত ৬ বছৰ ধৰি এটা ভাড়াঘৰত বাস কৰি আছিল। হত্যাকাৰী দীপক ৰাজখোৱাই নিজ ভাড়াঘৰলৈ মাটি পঠিয়াইছিল ৰমানন্দ বৰাক। ভাড়া ঘৰৰ সন্মুখতে দাৰে ঘপিয়াই ঘপিয়াই অতি নৃশংসভাৱে হত্যা কৰে সভানেত্ৰীৰ পুত্ৰক।
হত্যা কৰাৰ পিছতে হাতত দা লৈ ৰাজপথত বহু সময় ধৰি আতংকৰ সৃষ্টি কৰিছিল দীপক ৰাজখোৱাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি লৈ যায়।