16 C
Guwahati
Thursday, November 25, 2021
More

    বাক্সাৰ শালবাৰীত গুলীচালনা, দুৰ্বৃত্তৰ গুলীচালনাত এজন আহত

    সন্মুখত বিটিচি নিৰ্বাচন৷ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্য চলি থকাৰ সময়তে বাক্সাৰ শালবাৰীত সংঘটিত হয় এটা গুলীচালনাৰ ঘটনা।

    নিশা অচিনাক্ত দূৰ্বৃত্তৰ গুলীচালনাত আহত এজন লোক৷ ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ বাক্সাৰ শালবাৰীৰ সৰুগাতিত সংঘটিত হয় গুলীচালনাৰ ঘটনা৷

    দুৰ্বৃত্তই ঘৰৰ বাহিৰৰ পৰা গুলীয়ালে প্ৰাণজিৎ দাস নামৰ এজন লোকক ৷

    পৰিয়ালৰ সৈতে টিভি চাই আছিল লোকজনে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ .৩২ পিষ্টলৰ গুলী। মূৰত আঘাত পোৱা লোকজন সম্প্ৰতি বিপদমুক্ত৷

    আহত লোকজন বিপিএফৰ কৰ্মী যদিও পৰিয়ালৰ অন্য সদস্যসকল অৱড়ো সুৰক্ষা সমিতিৰ সমৰ্থক।

    লোকজনক কিয় গুলীয়ালে এইপৰ্যন্ত জানিব পৰা হোৱা নাই।

    ঘটনাৰ বিৱৰণী মতে শালবাৰী আৰক্ষী থানাৰ অন্তৰ্গত সৰুগাতিৰ প্ৰাণজিৎ দাস নামৰ লোকজনে নিশা প্ৰায় ১০ বজাত পৰিয়ালৰ সৈতে ঘৰত টিভি চাই থকা অৱস্থাতে কোনো অচিনাক্ত দূৰ্বৃত্তই বাহিৰৰ পৰা গুলীচালনা কৰে৷ ফলত প্ৰাণজিৎ দাসৰ মূৰৰ পাছফালে গুলী।

    আহত অৱস্থাত ততাতৈয়াকৈ লোকজনক হাস্পতাললৈ লৈ যোৱা হয়। ইতিমধ্যে ঘটনাস্থলীত শালবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং