মোদীৰ আগমণক লৈ বহু উচাহ উদ্দীপনা দেখা গল অসমৰ শাসকীয় দলৰ ৰাজনৈতিক নেতাসলকলৰ লগতে বড়ো লোকসকলৰ মাজতো। প্ৰায় ৭০ হাজাৰ মাটিৰ চাকিৰে প্ৰধানমন্ত্ৰীক আদৰণিও জনালো বড়ো সমাজে। সকলোৰে মাজত যেন অকল পাৰ ভঙা উচাহ।
পিছে এই উচাহৰ মাজতো দেখা গ’ল এক অন্য ছবি। BTR ৰ বিজয় উৎসৱ উপলক্ষে কোকৰাঝাৰৰ জাংখৃতাই খেলপথাৰত মোদীৰ জনসভালৈ মানুহ নিয়া লৈছিল টকাৰে। যিয়ে অধিক লোক নিব পাৰিছে তেওঁ পাইছে বেছিকৈ টকা। প্ৰতিটো দলৰ দলপতিয়ে মানুহ হিচাপ গন্তি কৰি পাইছে সেই অনুপাতে টকা।
এক ভিডিঅ’ত দেখা পোৱা গৈছে কেনেদৰে এগৰাকী মহিলাই নাম মাতি গৈছে প্ৰতিটো দলৰ দলপতিৰ আৰু সেই দলপতিয়ে কিমান পাইছে তাৰ হিচাপ কৰি গৈছে। আৰু সেই হিচাপ অনুসাৰে এজনে দি গৈছে টকা। চাওঁক এই বিশেষ ভিডিঅ’-
Photo credit: @twiite
Video credit: @hassinuralom