পাঠশালাত সোমবাৰে নিশা কহিনুৰ থিয়েটাৰত নাটকৰ আখৰা প্ৰস্তুতি কৰি থকাৰ মাজতে বিদ্যুৎস্পৃষ্ট হৈ দেবেন ৰয় নামৰ এগৰাকী শিল্পীৰ মৃত্যু। শিল্পীগৰাকীৰ ঘৰ বজালীৰ ভোটান্ত মহীতৰাত।

বিগত ৩২ বছৰ তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ অাৰু বহু বছৰ কহিনুৰত একেৰাহে পোহৰ শিল্পী হিচাপে কৰ্মৰত আছিল।
প্ৰযোজক তপন লহকৰে শিল্পীগৰাকীক হাস্পতাললৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে l
প্ৰথম দৰ্শনী সমাপ্ত হোৱাৰ পিছত নাটকৰ বাবে কাৰিকৰী চমক সৃষ্টিৰ বাবে কাম কৰা মুহূৰ্ততে সংঘটিত হয় এই ঘটনা।