24 C
Guwahati
Thursday, October 21, 2021
More

    অসম আৰক্ষীৰ জাৰ্চীত চোৰ! মন্দিৰত সোমাই লুটিলে ধন, সমগ্ৰ দৃশ্য বন্দী CCTVত

    অসম আৰক্ষীৰ জাৰ্চীত চোৰ! মন্দিৰত সোমাই লুটিলে ধন, সমগ্ৰ দৃশ্য বন্দী CCTVত

    মহানগৰীৰ নেমকেয়াৰ হাস্পতালৰ সমীপত থকা এটা মন্দিৰত আৰক্ষীৰ জাৰ্চী পিন্ধি থকা এটা চোৰৰ লুটপাত। চোৰটোবে মন্দিৰৰ দান-পাত্ৰৰ পৰা লুটি নিলে ধন। শিৱ মন্দিৰত চুৰি কৰা সমগ্ৰ দৃশ্য বন্দী CCTVত।

    CCTVৰ দৃশ্যৰ ভিত্তিত মহানগৰীৰ ফাঁচীবজাৰৰ পৰা চোৰটোক আটক কৰে ফাঁচীবজাৰ আৰক্ষীয়ে। বহুসময় ধৰি চোৰটোৱে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰাত আৰক্ষীয়ে চোৰটোক আটক কৰে। ধৃত চোৰটোৰ পৰা জব্দ ১৯০০ টকা আৰু এডাল প্লাছ। দেওবাৰে পুৱা সংঘটিত কৰিছিল এই চুৰিকাণ্ডৰ ঘটনা।

    ধৃত চোৰটোৱে মন্দিৰৰ ধন চুৰি কৰি থকাৰ সময়ত পিন্ধি আছিল এটা অসম আৰক্ষীৰ জাৰ্চী। জাৰ্চীটোৰ পাছফালে লিখা আছিল অসম আৰক্ষী।

    চাওক CCTVৰ দৃশ্যঃ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং