26 C
Guwahati
Wednesday, September 28, 2022
More

    মহানগৰীত গুলীবিদ্ধ লোকজনে সাৱটিলে মৃত্যুক

    মহানগৰীৰ ব্যস্ত অঞ্চল কুমাৰপাৰাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা

    মহানগৰীৰ কুমাৰপাৰাত এজন লোকক গুলীচালনা ছুপাৰী কিলাৰৰ। দেহত গুলী লাগি গুৰুতৰভাৱে আহত হোৱা লোকজনক প্ৰথমে গুৱাহাটী মাৰোৱাৰী হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল যদিও উন্নত চিকিত্সাৰ বাবে জিএনআৰচি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল। অৱশেষত চিকিত্সকে মৃত ঘোষণা কৰে শ্ৰী জগদম্বা আইৰন আৰু ষ্টীলত কৰ্মৰত কৰ্মচাৰীজনক।

    বাইকত অহা ৫ জনীয়া ছুপাৰী কিলাৰৰ দলটোৱে লোকজনক লক্ষ্য কৰি নিচেই ওচৰৰ পৰা গুলী চলায়। মৃত লোকজনৰ নাম শ্যাম সুন্দৰ ৰটৱা। কোম্পানীটোৰ অধ্যক্ষই ক’লে যে ঘটনাটো কিয় সংঘটিত হ’ল জানিব পৰা নাই, আমাৰ কোনোধৰণৰ শত্ৰুতা নাই কোনো মানুহৰ লগতে। কি উদ্দেশ্যৰে কোনে এই ঘটনা সংঘটিত কৰিলে সেয়া আৰক্ষীয়েহে জনাব। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

    গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় শীৰ্ষ আৰক্ষী বিষয়া। ঘটনাস্থলীৰ পৰা এটা বেগো উদ্ধাৰ কৰে আৰক্ষীয়ে। মহানগৰীৰ ব্যস্ত অঞ্চল কুমাৰপাৰাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা। ঘটনাটোৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং