শনিবাৰে প্ৰকাশ পালে বহু প্ৰতীক্ষিত জাতিৰ দলিল NRCৰ পূৰ্ণাংগ তালিকা। তালিকা প্ৰকাশৰ পিছতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়াৰ। তাৰ মাজতে NRCৰ আতংকই প্ৰাণ ল’লে এজন লোকৰ। এইবাৰ কৰিমগঞ্জত সংঘটিত হ’ল এই ঘটনা।
NRCৰ পূৰ্ণাংগ তালিকাত নাম অন্তৰ্ভুক্ত নোহাৱা বাবেই হঠাৎ অচেতন হৈ পৰে লোকজন আৰু কিছু সময়ৰ পিছতে মৃত্যুক সাৱটে লোকজনে। পৰিয়ালৰ লোকে কোৱা অনুসৰি পৰিয়ালৰ ৮জনকৈ লোকৰ ভিতৰত ৭ জন লোকৰ নাম নাহিল ফলত সংঘটিত হয় এই ঘটনা।
উল্লেখ্য যে, শনিবাৰেও NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশ পোৱাৰ পিছত দূষ্ট চক্ৰৰ উৰা বাতৰিত বিশ্বাস কৰি আত্মহত্যাৰ দৰে চৰম পথ বাছি ৈলছিল তেজপুৰৰ এগৰাকী মহিলাই।