27 C
Guwahati
Sunday, October 2, 2022
More

    বিদ্যালয়ৰ ৰান্ধনীগৃহত আত্মহত্যা এজন লোকৰ, লখিমপুৰত সংঘটিত এই ঘটনা

    মানসিক অশান্তিৰ বাবে লোকজনে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ

    লখিমপুৰত বিদ্যালয়ৰ ৰান্ধনীগৃহত আত্মহত্যা এজন লোকৰ। লখিমপুৰ টোল আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিদ্যালয়খনৰ ৰান্ধনী কোঠাত কাঠৰ বাটামতে চীপ লৈ আত্মহনন কৰে লোকজনে। চীপ লোৱা অবস্থাত লোকজনক প্ৰত্যক্ষ কৰে বিদ্যালয়খনৰ ৰান্ধনীয়ে।

    যোৰহাটৰ নিবাসী অবিনাশ বৰুৱা নামৰ লোকজনে লখিমপুৰত বিবাহ কৰাই দীৰ্ঘদিনে লখিমপুৰৰ এটা ভাৰাঘৰত আছিল ৷ পাৰিবাৰিক কন্দলৰ বাবে কিছুদিন ধৰি পত্নীৰ সৈতে বিচ্ছেদ হৈছিল। মানসিক অশান্তিৰ বাবে লোকজনে আত্মহত্যা কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং