26 C
Guwahati
Saturday, September 24, 2022
More

    মহৰমৰ তাজিয়াত চৰম উদ্ভণ্ডালি কৰা এজন লোকক গ্ৰেপ্তাৰ

    অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত চলোৱা অভিযানত ফুলকান হুছেইন নামৰ যুৱক জনকজনক ডিব্ৰুগড়ৰ মিৰজাবাগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    মহৰমৰ তাজিয়া প্ৰদৰ্শনৰ নামত চূড়ান্ত উদ্ভণ্ডালিৰে গাড়ী ভাঙি লণ্ড–ভণ্ড কৰা ফুলকান হুছেইন নামৰ এজন ২৪বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত চলোৱা অভিযানত ফুলকান হুছেইন নামৰ যুৱক জনকজনক ডিব্ৰুগড়ৰ মিৰজাবাগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

    প্ৰীতপাল সিঙৰ হোণ্ডাই ইয়ন আৰু দীপজ্যোতি বসুৰ বাহনৰ লগতে আন কেইবাখনো বাহনত ক্ষতি কৰিছিল পৰম্পৰাৰ নামত এইদৰে ৰাজপথত উদ্ভণ্ডালি চলোৱা একাংশই। ডিব্ৰুগড় আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ পিছতে বুধবাৰে ফুলকান হুছেইনক গ্ৰেপ্তাৰ কৰে। সমগ্ৰ ঘটনা CCTVত বন্দী হোৱাৰ লগতে বহুতৰে মোবাইলতো বন্দী হৈছিল।

    উল্লেখযোগ্য যে, মঙলবাৰে মহৰম উপলক্ষে ডিৱ্ৰুগড়ত দেখা গৈছিল একাংশৰ চৰম উদ্ভণ্ডালি। তাজিয়াত অংশগ্ৰহণকাৰীসকলে মুকলিকৈ মাৰণাস্ত্ৰ প্ৰদৰ্শন কৰাৰ লগতে কেইবাখনো বাহনৰ আইনা ভাঙি চুৰমাৰ কৰিছিল। পথৰ এটিয়ছ ক্ৰছৰ কাষত ৰখাই থোৱা অৱস্থাত ভাঙিছিল গাড়ীৰ আইনা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং