27 C
Guwahati
Friday, September 30, 2022
More

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ কৰাৰ মন মমতা বেনাৰ্জীৰ

    ৰাজনীতিক কেন্দ্ৰ কৰি বিগত ৫টা বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত চলি আছে সংঘাত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা প্ৰায়বোৰ সিদ্ধান্তৰে তীব্ৰ বিৰোধিতা কৰি মাত দি অহা দেখা গৈছে মমতা বেনাৰ্জীক। কিন্তু সেই প্ৰধানমন্ত্ৰীগৰাকীৰ সাক্ষাত পাবলৈ সময় বিচাৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

    নৰেন্দ্ৰ মোদীৰ সাক্ষাত পাবলৈ সময় বিচাৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ পত্ৰ পঠিয়াইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰ্থাত ১৭ ছেপ্টেম্বৰত সাক্ষাত পোৱাৰ ইচ্ছা প্ৰকাশ কৰি বিচাৰিছে সময়।

    পশ্চিমংবগৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰা সূচী অনুসৰি ১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ সাক্ষাত পাবলৈ সময় বিচাৰিছে মমতা বেনাৰ্জীয়ে। কাইলৈ ৰাওনা হৈ ২০ ছেপ্টেম্বৰলৈকে দিল্লীতে বাহৰ পাতি থাকিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং