27 C
Guwahati
Friday, September 30, 2022
More

    অমিত শ্বাহক সাক্ষাৎ মমতা বেনাৰ্জীৰ, ক’লে NRCত বাদ পৰা ১৯ লাখ লোকক অন্তৰ্ভুক্ত কৰক

    মই ইয়াত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিমখন তালিকাৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ বিষয়ে আলোচনা কৰিব আহিছিলোঃ মমতা বেনাৰ্জী

    বৃহস্পতিবাৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গৃহ মন্ত্ৰী অমিত শ্বাহক কৰিলে সাক্ষাৎ। ইয়াৰ পিছত মমতাই মিডিয়াক ক’লে যে ‘মই ইয়াত অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অন্তিমখন তালিকাৰ পৰা বাদ পৰা ১৯ লাখ লোকৰ বিষয়ে আলোচনা কৰিব আহিছিলো। মই শ্বাহক কৈছো যে NRCত সকলোৰে নাম অন্তৰ্ভুক্ত কৰিব লাগে। বংগত NRCৰ প্ৰয়োজন নাই।’

    মমতা বেনাৰ্জীয়ে ক’লে যে গৃহ মন্ত্ৰীয়ে মোৰ কথা গম্ভীৰভাৱে শুনিছে আৰু মোৰ বিশ্বাস আছে যে তেওঁ এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। লোকসভা নিৰ্বাচনৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে শ্বাহক সাক্ষাৎ কৰিছে।

    বুধবাৰে নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল মমতা বেনাৰ্জীয়ে

    মমতা বেনাৰ্জীয়ে বুধবাৰে নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছিল। তেওঁ পশ্চিমবংগৰ নাম সলনি কৰি বাংলা কৰিবলৈ অনুৰোধ জনাইছিল। এই সন্দৰ্ভত মোদীয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব বুলিও প্ৰতিজ্ঞা কৰিছিল।

    Photo credit: indiatoday.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং