সমগ্ৰ বিশ্বত এতিয়া মাথো কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস।বিশ্বত এতিয়ালৈকে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ১০ লাখৰ ঘৰ অতিক্ৰম কৰিলে। এই সংকটৰ সময়ত কৰ’ণা ৰোগী সকলৰ সেৱাত নিয়োজিত স্বাস্থ্যকৰ্মীসকলৰ সেৱাৰ বাবে আগবাঢ়ি আহিছে মালয়েছিয়াৰ ৰাণী।মালয়েছিয়াত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা প্ৰায় ৩,০০০ আৰু মৃত্যু হৈছে প্ৰায় ৫০ জনৰ।
কৰ’ণা ৰোগীসকলৰ শুশ্ৰুষাৰ বাবে দিনে ৰাতিয়ে সেৱা আগবঢ়াই থকা স্বাস্থ্যকৰ্মীসকলক উৎসাহ যোগোৱাৰ উদ্দেশ্য মালয়েছিয়াৰ ৰাণী টুনকু আজিজাহ আমিনাহ মায়মুনাহ ইস্কান্দাৰিয়াহে নিজে হাতে ৰান্ধিছে বিবিধ ব্যঞ্জন। ৰাণীয়ে সকলো প্ৰকাৰৰ খাদ্য নিজে ৰান্ধি বিভিন্ন হস্পিতাল আৰু দুৰ্যোগ প্ৰশমন কেন্দ্ৰলৈ নিতৌ প্ৰেৰণ কৰি আছে।
মালয়েছিয়াৰ ৰাণী টুনকুৱে কৈছে-”নিজৰ জীৱন উছৰ্গা কৰি স্বাস্থ্যকৰ্মীসকলে যি সেৱা আগবঢ়াই গৈছে তেওঁলোকৰ বাবে মই যিমান পাৰো মোৰ শ্ৰেষ্ঠখিনি উজাৰি দিম…তেওঁলোকক মই ছেল্যুট জনাইছো।” মালয়েছিয়াৰ ৰাণীৰ ভূমিকাক এতিয়া অনেক লোকেই প্ৰশংসাৰে উপচাই পেলাইছে।
Photo Credit: MSN.com