22 C
Guwahati
Friday, January 21, 2022
More

    মাজুলীৰ অধিকাংশ দুখীয়া পৰিয়ালত নাই স্মাৰ্টফোন; ব্যাপক ক্ষতিৰ সন্মুখীন ছাত্ৰ-ছাত্ৰী

    একাংশই অনলাইন পাঠ গ্ৰহণ কৰি আগবাঢ়ি থাকিব। আন একাংশই একো নজনাকৈ পিছ পৰি ৰ'ব

    কৰ’ণা প্ৰতিহত কৰিবলৈ দেশত ঘোষিত লকডাউনৰ সময়ছোৱাত যাতে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ক্ষতিৰ পৰিমাণ হ্ৰাস কৰিব পাৰি তাৰ উদ্দেশ্যৰে শিক্ষা বিভাগে সকলো শিক্ষকক অনলাইন পাঠদানৰ পৰামৰ্শ প্ৰদান কৰিছে যদিও কেইবাটাও কাৰণত মাজুলী জিলাত অধিকাংশ বিদ্যালয়তে সম্ভৱ হৈ উঠা নাই এই প্ৰক্ৰিয়া।

    মাজুলীৰ গ্ৰামাঞ্চলৰ অধিকাংশ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালত নাই স্মাৰ্টফোন। যাৰ ফলত শিক্ষক সকলে ইচ্ছা কৰিলেও হোৱাটছ এপ গ্রুপত সংযোগ কৰিব পৰা নাই এনে ছাত্ৰ-ছাত্ৰীক। উচ্চ মাধ্যমিক শাখাত একাংশ শিক্ষকে নিজা কৌশলগত প্ৰচেষ্টাৰে অধিকাংশ ছাত্ৰ-ছাত্ৰীক গ্রুপত সংযোগ কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে সীমিত সংখ্যকো সফল হোৱা নাই এই পাঠদান প্ৰক্ৰিয়াত।

    বহু বিদ্যালয়ত শ্ৰেণী অনুসৰি এনে গ্রুপ সমূহ আছে যদিও সীমিত সংখ্যক বিষয় শিক্ষকেহে ফলপ্ৰসূ পাঠদান কৰিবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে যি সমূহ ছাত্ৰ-ছাত্ৰীক আজি পৰ্যন্ত এনে গ্রুপ সমূহত সংযোগ কৰিব নোৱাৰিলে তেনে ছাত্ৰ-ছাত্ৰীক লৈ ভৱিষ্যতে পুনৰ সমস্যাৰ সন্মুখীন হব শিক্ষকসকল।

    একেটা শ্ৰেণীতে দুভাগত বিভক্ত হ’ব ছাত্ৰ-ছাত্রীসকল। একাংশই অনলাইন পাঠ গ্ৰহণ কৰি আগবাঢ়ি থাকিব। আন একাংশই একো নজনাকৈ পিছ পৰি ৰ’ব। যাৰ বাবে বিদ্যালয় খুলিলে বুজাবলৈ থকা প্ৰতিটো পাঠেই প্ৰথমৰ পৰাই আৰম্ভ কৰিব লাগিব শিক্ষকসকলে। যেন এক বিকল্পহীন সমস্যাৰ সন্মুখত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকল।

    এনে পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগৰ অনলাইন পাঠদানৰ ঘোষণাই প্ৰকৃতাৰ্থত কিমানদূৰ বাস্তৱত ফলপ্ৰসূৰ সন্মুখীন হ’ব তাক লৈ সন্দেহ প্ৰকাশ কৰিছে বিজ্ঞসকলে। উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সমস্যাক গুৰুত্ব দি বহু শিক্ষকে স্মাৰ্ট ফোনহীন পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক তেনে পৰিয়ালৰ সম্পৰ্কীয় তথা সমীপৰ স্মাৰ্টফোনযুক্ত ব্যক্তিৰ মাধ্যমতপাঠদান চলাইছে যদিও বৰ্তমানো সৰহ ভাগ দুখীয়া ছাত্ৰ-ছাত্ৰীয়েই এই সুবিধাৰ পৰা বঞ্চিত হৈ শৈক্ষিক চিন্তাৰে দিন অতিবাহিত কৰিছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং