19 C
Guwahati
Thursday, November 25, 2021
More

    চীনা পতাকা দাহ কৰি প্ৰতিবাদত নামিল মাজুলীৰ সত্ৰাধিকাৰ আৰু হিন্দু ৰক্ষা সেনা

    মাজুলী দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী আৰু আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ্ব চন্দ্ৰ গোস্বামীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে

    চীনা সৈন্যৰ হাতত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনা জোৱানৰ স্বহীদৰ পাছতে সমগ্ৰ দেশত ক্ষোভৰ জুই জ্বলিছে।

    মাজুলীৰ ৰাজপথতো প্ৰতিবাদৰ বাবে ওলাই আহিল সত্ৰাধিকাৰ লগতে হিন্দু ৰক্ষা সেনা।

    চীনা সামগ্ৰী বৰ্জনৰ দাবীত জিলা সদৰ গড়মূৰত প্ৰতিবাদ সাব্যস্ত কৰিলে সত্ৰাধিকাৰে। প্ৰতিবাদ কৰি চীনৰ পতাকা জ্বলালে মাজুলী গড়মূৰত।

    ভাৰত-চীন সীমান্তত বাজিছে যুদ্ধৰ দামামা। চৰম বিশ্বাসঘাতকতাৰে সীমান্তৰ গালৱান উপত্যকাত চীনা সৈন্যৰ বৰ্বৰতা।

    মাজুলী দক্ষিণপাট আশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী আৰু আধাৰ সত্ৰৰ সত্ৰাধিকাৰ মহেশ্ব চন্দ্ৰ গোস্বামীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে।

    দুয়োজনা গুৰুই ৰাইজক চীনা সামগ্ৰী বৰ্জন বাবে আহবান জনাই এই প্ৰতিবাদত।

    এই প্ৰতিবাদথলীতেই হিন্দু ৰক্ষা সেনাই চীনৰ পতাকা ৰাজহুৱা ভাবে দাহ কৰি ক্ষোভ প্ৰকাশ কৰে।

    Photo Credit: @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং