22 C
Guwahati
Saturday, December 4, 2021
More

    দেশৰ আগশাৰীৰ সংগীত প্ৰডাকচন টি চিৰিজৰ এটি গীতত মাজুলীৰ মুখা শিল্প

    বাঁহ আৰু কাঠেৰে নিৰ্মিত মুখাক প্ৰাণ দি অহা মাজুলী চামগুৰি সত্ৰৰ মুখাই এইবাৰ পোন প্ৰথমবাৰৰ বাবে বলিউডৰ এটি টি চিৰিজৰ গীতত জিলিকছে

    বলীউডত জিলিকিল মাজুলী চামগুৰি সত্ৰৰ মুখা শিল্প। দেশৰ আগশাৰীৰ সংগীত প্ৰডাকচন টি চিৰিজৰ এটি গীতত দেখা পোৱা গল মাজুলীৰ মুখা শিল্প।

    টি-চিৰিজৰ এটি গীতত জিলিকিল মাজুলীৰ ৰাম, লক্ষ্মণ,সীতা, ৰাৱণ, গৰুড় পক্ষী, হনুমান আদি। ব্ৰক্ষ্মপুত্ৰৰ বালিচৰতে দৃশ্যগ্ৰহণ হৈছে গীতটোৰ কিছু অংশৰ।

    বলিউডৰ অন্যতম গায়ক জুবিন নদিয়ালৰ এই গীত টোৰ কিছু অংশৰ দৃশ্যগ্ৰহণ মেঘালয়ৰ এটি জলপ্ৰপাততো কৰা হৈছে।

    মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি এই মুখা শিল্প। এই সৃষ্টিক বিশ্ব দৰবাৰত জিলিকাইছে মাজুলীৰ চামগুৰি সত্ৰই।

    চামগুৰি সত্ৰৰ মুখাই আকৰ্ষণ কৰি আহিছে দেশী বিদেশী পৰ্যটকক।

    বাঁহ আৰু কাঠেৰে নিৰ্মিত মুখাক প্ৰাণ দি অহা মাজুলী চামগুৰি সত্ৰৰ মুখাই এইবাৰ পোন প্ৰথমবাৰৰ বাবে বলিউডৰ এটি টি চিৰিজৰ গীতত জিলিকছে।

    ইতিমধ্যে মুকলি হোৱা গীতটি ইউ টিউবত লাখ লাখ অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ উঠিছে।

    চামগুৰি সত্ৰৰ মুখা শিল্পই এইদৰে বলীউডত স্থান লাভ কৰাত সত্ৰ খনক অভিনন্দন জনাইছে মাজুলী বাসীয়ে।

    লগতে উত্তফূল্লিত হৈছে চামগুৰি সত্ৰৰ কলা কৌশলীৰ।

    Photo Credit: @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং