মাজুলীত দীৰ্ঘদিনৰ পৰা চলি আছে চৰাই নিধন যজ্ঞ ৷ পূৰ্বৰ কেইবছৰৰ দৰে এই বৰ্ষতো পৰিভ্ৰমী চৰাই আহিবলৈ আৰম্ভ কৰাৰ সময়তে আজিৰে পৰা প্ৰায় এসপ্তাহৰ আগৰ পৰা দক্ষিণপাটৰ মাগুৰ মৰা বিলৰ পাৰত বিহ দি প্ৰতিদিনাই নিধন কৰিছে শতাধিক চৰাই, ইয়াৰ পিছতেই স্থানীয় লোকে বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ প্ৰশাসনক জনাইছিল যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব প্ৰদান নকৰিলে৷
যাৰ ফলত আজি বিলৰ পাৰৰ সঞ্জীৱ কলিতা নামৰ পৰিয়ালটোৰ ৭ টাকৈ ঘৰচীয়া হাঁহ আৰু দুষ্প্ৰাপ্য প্ৰজাতিৰ আমৰলিয়া চৰাইৰ বিহ সেৱন কৰাৰ ফলত মৃত্যু হয়৷ প্ৰতিদিনাই শতাধিক চৰাই নিধন হৈ থকাৰ সম্পৰ্কত আৰু আজিৰ এই ঘটনাৰ বিষয়ে সঞ্জীৱ কলিতাই বন বিভাগৰ লোকক খবৰ দিয়াৰ পিছতো কোনো বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নহ’ল।
মাজুলীৰ বিভিন্ন স্থানত বৰ্তমান অবৈধ বনৰীয়া চৰাই বিক্ৰীৰ এখন চোৰাং বজাৰ গঢ় লৈ উঠিছে বুলি একাংশ লোকে আমাক জানিবলৈ দিছে ৷ বৰ্তমান পৰিভ্ৰমী চৰাই আহিবলৈ আৰম্ভ কৰাৰ সময়তে আৰম্ভ কৰা এই পক্ষী নিধনৰ দুষ্কাৰ্যৰ এক সঠিক তদন্তৰ দাবী জনোৱাৰ লগতে পুৱা ৩-৪ বজাত এই পক্ষী চিকাৰীসকলে মাগুৰ মৰা বিল আৰু কাষৰীয়া পথাৰত চৰাই চিকাৰ কৰে বুলি প্ৰকৃতিপ্ৰেমীয়ে আমাক জানিবলৈ দিছে ৷ সময় থাকোতেই এক উচিত তদন্ত কৰি পক্ষী নিধনৰ লগত জড়িত দুষ্ট প্ৰকৃতিৰ লোকসকলক চিনাক্ত কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সংগঠন তথা সচেতন মহলে ৷
Photo Credit : Monikut