মাজুলীৰ স্বাস্থ্য বিভাগত এইবাৰ বাংলা ভাষাৰ প্ৰপত্ৰ। মাত্ৰ কেইদিন মান পূৰ্বে মাজুলীৰ বহু কেইখন বিদ্যালয়লৈ বাংলা ভাষাৰ কিতাপ যোগান ধৰাৰ পিচত এইবাৰ স্বাস্থ্য বিভাগৰ বাংলা ভাষাৰ প্ৰপত্ৰই পুনৰ জোকাৰি গৈছে মাজুলীক।
উল্লেখ্য যে, মাজুলীত এক পালছ পলিও প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল। এই কাৰ্যসুচীতে যি সকল শিশুক সামৰি লোৱা হৈছিল সেই শিশু সকলৰ কিছু তথ্য লিপিবদ্ধ কৰিবৰ বাবে স্বাস্থ্য বিভাগে টেলি ছিট, হম টু হম ফৰ্ম আৰু এক্স ছিট নামৰ তিনি খন ফৰ্ম পূৰাব লগীয়া হৈছিল।

কিন্তু আচৰ্যজনক ভাৱে এনে প্ৰপত্ৰ সমূহ ইংৰাজী আৰু অসমীয়া ভাষাৰ পৰিৱৰ্তে আহিল বাংলা ভাষাত হে। বাংলা ভাষাত প্ৰেৰণ কৰা এই প্ৰপত্ৰ সমূহ লৈ বিবুদ্ধিত পৰে স্বাস্থ্য কৰ্মী সকল।
পূৰ্বেও এনেধৰণৰ কার্যসূচীত ইংৰাজী আৰু অসমীয়া ভাষাত অহা প্ৰপত্ৰ সমূহ সম্প্ৰতি অসমীয়াৰ ঠাইত বাংলা ভাষাত অহাত হতচকিত হৈ পৰিছে স্বাস্থ্য কৰ্মী সকলৰ লগতে সচেতন লোক।
Photo Credit: @kalpajitsaikia