30 C
Guwahati
Wednesday, October 27, 2021
More

    সত্ৰপীঠ মাজুলীত কৰ’ণা ভাইৰাছৰ আতংক, পিছে পৰ্যটন বিভাগৰ হাতত নাই পৰ্যটকৰ তথ্য

    আক্ৰান্ত পৰ্যটক জনে মাজুলীৰ গড়মূৰ, উত্তৰ কমলাবাৰী সত্ৰ, আউনিআটি সত্ৰ ভ্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে

    মাজুলী ভ্ৰমণ কৰি যোৱা আমেৰিকা পৰ্যটকৰ দেহত কৰ’ণা ভাইৰাছ পোৱাৰ পিছতে মাজুলীত আতংক। পিছে মাজুলী পৰ্যটন বিভাগ বিষয়াৰ হাতত নাই বৰ্তমানে মাজুলিত থকা অন্য পৰ্যটক সকলৰ কোনোধৰণৰ তথ্য। বৰ্তমান কিমান বিদেশী পৰ্যটকে মাজুলীত বাহৰ পাতি আছে সেয়া নাজানে পৰ্যটন বিভাগটোৱে।

    পিছে বহু কেইগৰাকী পৰ্যটকক ওভতাই পঠোৱা হৈছে। পিছে যি কেইজন এতিয়াও পৰ্যটক মাজুলিত আছে কোনো ধৰণৰ স্বাস্থ্য পৰীক্ষা কৰাত গুৰুত্ব দিয়া নাই প্ৰসাশন তথা বিভাগৰ।

    আনহাতে ভুটানত কৰ’ণা ভাইৰাছত সংক্ৰিমত হোৱা আমেৰিকাৰ পৰ্যটকজনৰ লগত মাজুলিত থকা সময়ত গাইড হৈ কাম কৰা যুৱকজনৰ স্বাস্থ্য পৰীক্ষ কৰা হৈছে। পিছে মাজুলীৰ জনতাক আতংকিত নহ’বলৈ আহ্বান প্ৰশাসনৰ।

    মহাবাহুৰে আজি এটা পৰ্যটকৰ দল উত্তৰ কমলাবাৰী সত্ৰ ভ্ৰমণৰ কথা আছিল যদিও সত্ৰই বাতিল কৰিছে সেই কাৰ্যসূচী।আক্ৰান্ত পৰ্যটক জনে মাজুলীৰ গড়মূৰ, উত্তৰ কমলাবাৰী সত্ৰ, আউনিআটি সত্ৰ ভ্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে।

    Photo Credit: @kalpajitsaikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং