15.8 C
Guwahati
Sunday, November 20, 2022
More

    Breaking: মহানগৰীৰ জ জে’ছ লাউঞ্জ বাৰ এণ্ড ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড

    অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন

    মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড। খ্ৰীষ্টানবস্তিৰ জ জে’ছ লাউঞ্জ বাৰ এণ্ড ৰেষ্টুৰেণ্টত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। বাৰখনত চোৰে প্ৰৱেশ কৰি বাৰৰ ভিতৰতে সুৰাপান কৰিছিল। ৪টা সুৰাৰ বটলো লুটি লৈ গ’ল চোৰৰ দলটোৱে। CCTVত দৃশ্য বন্দী হোৱাৰ ভয়ত অগ্নিসংযোগ কৰে। অগ্নিসংযোগ কৰাৰ ফলত জ্বলি উঠে চিচিটিভিৰ হাৰ্ডিস্ক। অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তিৰ ক্ষতিসাধন।

    ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ দল উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত। লকডাউনৰ মাজতে ৰেষ্টুৰেণ্টত সংঘটিত হোৱা অগ্নিকাণ্ডই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ৪০ দিনীয়া লকডাউনৰ বাবে সমগ্ৰ দেশতে বন্ধ হৈ আছে সুৰাৰ দোকানৰ লগতে বাৰসমূহো।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং