30 C
Guwahati
Wednesday, October 27, 2021
More

    মহাৰাষ্ট্ৰত দলঙৰ পৰা ভান বাগৰি ৭ গৰাকী লোক নিহত, ১৫ গৰাকী আহত

    দুৰ্ঘটনাগ্ৰস্ত বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওপৰৰ পৰা বাগৰি পৰে

    উত্তৰ মহাৰাষ্ট্ৰত ধুলে তহছীলত এখন পিক আপ ভান বাগৰি পৰাৰ ফলত ৭ গৰাকী লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোত ১৫ গৰাকী লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ওপৰৰ পৰা বাগৰি পৰে।

    আৰক্ষীয়ে জনোৱা অনুসৰি শনিবাৰে মাজনিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ধুলে-ছোলাপুৰ পথৰ ভিঞ্চুৰ গাঁৱত সংঘটিত হয় এই ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক ততালিকে হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং