25 C
Guwahati
Thursday, October 21, 2021
More

    মহাৰাষ্ট্ৰত ফ্ল’ৰ টেষ্টৰ সন্মুখীন হ’ব ফাড়নবীচ চৰকাৰ

    উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বুধবাৰে সন্ধিয়া ৫ বজাৰ আগে আগেই সম্পূৰ্ণ হ’ব এই শুনানী কাৰ্য। পোনপতীয়া সম্প্ৰচাৰ দেখুওৱা যাব এই ফ্ল'ৰ টেষ্টৰ, যাতে পিছলৈ কোনো ধৰণৰ বেমেজালি বা আঁসোৱাহ ৰৈ নাযায়

    মহাৰাষ্ট্ৰত নতুন চৰকাৰ গঠনৰ সিদ্ধান্তই লৈছে নতুন মোৰ। এনচিপি, শিৱসেনা আৰু কংগ্ৰেছৰ বিৰোধিতাৰ বাবে আজি উচ্চতম ন্যায়ালয়ে লয় এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ফাড়নবীচ চৰকাৰৰ কাইলৈ হব ফ্ল’ৰ টেষ্ট। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বুধবাৰে সন্ধিয়া ৫ বজাৰ আগে আগেই সম্পূৰ্ণ হ’ব এই শুনানী কাৰ্য।

    পোনপতীয়া সম্প্ৰচাৰ দেখুওৱা যাব এই ফ্ল’ৰ টেষ্টৰ, যাতে পিছলৈ কোনো ধৰণৰ বেমেজালি বা আঁসোৱাহ ৰৈ নাযায়। এই শুনানীৰ পিছতেই এনচিপিৰ ফালৰ পৰা আহে প্ৰথমটো মন্তব্য, ‘সত্যৰ সদায় জয়, বিজেপিৰ খেল খতম৷’ উচ্চতম ন্যায়ালয়ৰ তিনি অধ্যক্ষ ক্ৰমে এন বি ৰমন্না, সজ্ঞীৱ খান্না আৰু অশোক ভূষনে আজি এই শুনানী আগবঢ়ায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং