সমগ্ৰ ভাৰততে লক ডাউন চলি থকাৰ সময়তে এজন বিজেপি বিধায়কৰ বিৰুদ্ধে উঠিছে লক ডাউন অমান্য কৰা গুৰুতৰ অভিযোগ। বিধায়কজন মহাৰাষ্ট্ৰৰ দাদাৰাও কেছে। আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে মহাৰাষ্ট্ৰৰ বিধায়কজনৰ বিৰুদ্ধে। জন্মদিন উপলক্ষে বিধায়ক দাদাৰাও কেছেৰ ঘৰত সমবেত হৈছিল শ শ লোক।
ঘৰৰ বাহিৰত খাদ্য নিয়াৰ বাবে ভিৰ কৰিছিল শ শ লোকে।সামাজিক দূৰত্ব বজাই নাৰাখি বিধায়কজনৰ বাহিৰত খাদ্য বিতৰণ।এই সমগ্ৰ ঘটনাক লৈ স্পষ্টীকৰণ মহাৰাষ্ট্ৰৰ বিজেপি বিধায়কজনৰ। এয়া বিৰোধীৰ ষড়যন্ত্ৰ বুলি অভিযোগ বিধায়ক দাদাৰাও কেছেৰ। ঘৰলৈ কোনো লোককে আমন্ত্ৰণ জনোৱা হোৱা নাছিল বুলি মন্তব্য কৰিছে বিধায়কজনে।
Photo Credit: Dadarao Keche/Facebook