27 C
Guwahati
Thursday, October 14, 2021
More

    মধ্যপ্ৰদেশ বিধানসভাত আজি নহ’ব আস্থা ভোট, ২৬ মাৰ্চলৈ বিধানসভা স্থগিত

    আজি আস্থা ভোট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিন্তু এতিয়া বিধানসভাৰ অধিৱেশন ২৬ মাৰ্চলৈ স্থগিত কৰা হৈছে

    মধ্যপ্ৰদেশৰ কমলনাথ চৰকাৰৰ ওপৰত সংকটৰ ছায়া কিছুদিনলৈ আঁতৰি যায়। আজি আস্থা ভোট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিন্তু এতিয়া বিধানসভাৰ অধিৱেশন ২৬ মাৰ্চলৈ স্থগিত কৰা হৈছে। ৰাজ্যপাল লালজী টেণ্ডনে নিজৰ অভিভাষণত কয় যে বিধায়কসকলে নিয়ম-কানুন যাতে মানি চলে। উল্লেখ্য যে কংগ্ৰেছৰ ২২ গৰাকী বিধায়কে পদত্যাগ দিয়াৰ কথা কয়, তাৰ পিছতে কমলনাথ চৰকাৰৰ ওপৰত অব্যাহত আছে সংকট।

    আজি আস্থা ভোট অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কিন্তু এতিয়া বিধানসভাৰ অধিৱেশন ২৬ মাৰ্চলৈ স্থগিত কৰা হৈছে। অৰ্থাৎ সোমবাৰে কমলনাথে আস্থা ভোটৰ পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া নহয়। মধ্যপ্ৰদেশৰ বিধানসভাৰ কাৰ্যকাল কৰ’ণা ভাইৰাছৰ বাবে স্থগিত কৰা হৈছে।

    বিধানসভা অধিৱেশনৰ আৰম্ভণিতে ৰাজ্যপাল লালজী টেণ্ডনে অভিভাষণত কয় যে প্ৰতিগৰাকী সদস্যক শুভকামণাৰ লগতে উপদেশ দিব বিচাৰো যে যিটো স্থিতি চলি আছে, তাত নিজৰ দায়িত্ব শান্তিপূৰ্ণভাৱে পালন কৰে। ৰাজ্যপাল গৰাকীয়ে নিজৰ কথা সম্পূৰ্ণ কৰাৰ পিছতে বিধানসভাত হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। অসুস্থতাৰ বাবে ৰাজ্যপালে নিজৰ সম্পূৰ্ণ ভাষণ পাঠ নকৰিলে, কেৱল তেওঁ অভিভাষণৰ প্ৰথমটো আৰু শেষৰটো লাইনে পাঠ কৰিবলৈ সক্ষম হয়।

    Photo credit: .hindustantimes.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং