মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত আক্ৰমণৰ ঘটনা। অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবীত নাৰায়ণপুৰ আৰক্ষী থানাৰ সমুখত তীব্র প্ৰতিবাদ ছাত্র-ছাত্ৰীৰ। শুকুৰবাৰৰ দিনৰ ১২ বজা শেষ সময়সীমা নিৰ্ধাৰণ ছাত্ৰ-ছাত্ৰীৰ। অভিযুক্তক গ্ৰেপ্তাৰ আৰু নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত শিক্ষক সমাজৰো প্ৰতিবাদী সভা বিশ্ববিদ্যালয় চৌহদত।
নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াক স্মাৰকপত্ৰ প্ৰদান শিক্ষক সমাজৰ। উল্লেখ্য যে কালি সন্ধিয়া বিশ্ববিদ্যালয়খনৰ ছাত্ৰাৱাসত এটা ৩০ জনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে প্ৰবেশ কৰি কেবাজনো ছাত্ৰক মাৰধৰ কৰিছিল।
লণ্ডভণ্ড কৰিছিল ছাত্ৰাৱাসৰ সামগ্ৰী। ছাত্ৰাৱাসৰ তদাৰকী শিক্ষককো আক্ৰমণ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে। আনহাতে নাৰায়ণপুৰ আৰক্ষী থানাত লখিমপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগু উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।