26 C
Guwahati
Friday, October 7, 2022
More

    অবৈধ বিদেশীৰ ৰক্ষক AIUDF: লুৰিণজ্যোতি গগৈ

    বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ জন্ম হৈছিল AIUDF দলৰ

    আহোম সন্দৰ্ভত আমিনূল ইছলামে কৰা মন্তব্যৰ পিছতে গৰজি উঠিছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। “বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ জন্ম হৈছিল AIUDF দলৰ। অবৈধ বিদেশীৰ ৰক্ষক AIUDF। সেয়ে ভৌগলিক জ্ঞান নথকা আমিনূল ইছলামে এনেদৰে মন্তব্য কৰিবলৈ পাৰিছে” বুলি প্ৰতিক্ৰিয়া প্ৰকাশ সাধাৰণ সম্পাদকগৰাকীৰ।

    অসম চুক্তিৰ ৬ নং দফা কেন্দ্ৰৰ আগত দাখিল কৰাৰ আগমুহুৰ্ততে এনেদৰে সাম্প্ৰাদিক মন্তব্য কৰিছে বিধায়কগৰাকীয়ে। ধিং সমষ্টিৰ বিধায়ক হৈ এটা সমষ্টি প্ৰতিনিধিত্ব কৰাৰ পিছতো ৰাইজৰ মাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই অসমৰ জাতিগঠন প্ৰক্ৰিয়াক ভাঙি দিয়াই আমিনুল ইছলামৰ লক্ষ্য বুলি ক্ষোভ উজাৰে লুৰিণজ্যোতি গগৈয়ে।

    সেয়ে এনে ভাঙোনমুখী সাম্প্ৰদায়িকতা সমাজৰ মাজত নিবিয়পাবলৈ সকিয়নী দিয়ে বিধায়ক আমিনুল ইছলামক।

    Photo And Video: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং