কালি ডিব্ৰুগড়ৰ বিজেপিৰ সংকল্প সমাৰোহত আছুক সমালোচনা মন্ত্ৰী হিমন্তৰ। এইবাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিলে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। ‘ভূতৰ মুখত ৰাম নাম”। ৰমনি দাস নামৰ আভ্যন্তৰীণ জলপৰিবহন এজন অভিযন্তাৰ পৰা চান্দা তুলিবলৈ গৈ নিজে পানবজাৰ থানাত থকা এজন মন্ত্ৰীৰ মুখত এনেকুৱা কথাই শোভা নাপাই। লুইবাৰ্গাৰ কেলেংকাৰী,সাৰদা কেলেংকাৰীত তিহাৰ জেললৈ যোৱাৰ ভয়ত কংগ্ৰেছৰ পৰা বিজেপিলৈ দৌৰ মৰা মন্ত্ৰীৰ এনে কথাই জনতাক হাস্যকৰ খোৰাক দিছে। এগৰাকী শিশুৰ দৰে তেখেতৰ কথাবতৰা। লগতে বিজেপিৰ সমাৰোহক হাজিৰা সমাৰোহ আখ্যা লুৰিণৰ।।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সদাগৰ। তেওঁ বিভিন্ন ব্যৱসায়ীৰ পৰা ৰাতি ৰাতি চান্দা তুলে। এতিয়া ছিগনেছাৰ প্ৰজেক্টৰ ঠিকা আৱৰ্তন হোৱাৰ আগতে ৫০ লাখ আৰু চূড়ান্ত হোৱাৰ পাছত ১৫লাখ লৈছে বুলিও অভিযোগ আনে আছুৰ সম্পাদকগৰাকীয়ে।। তেওঁ লগতে আহ্বান জনাই যে সংবাদ মাধ্যমে মন্ত্ৰীগৰাকীৰ কথা গুৰুত্ব দিব নালাগে।
লগতে কয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে শ্ৰেষ্ঠ নাট্যকাৰ অসমত আৰু কোনো নাই। যদি কোনো আন্দোলনকাৰীয়ে দৰা কইনাক হাৰাশাস্তি কৰিছিল চৰকাৰে ব্যৱস্থা ল’ব পৰা নাই কিয় । যদি মৌলবাদী শক্তি আছে বুলি জানে চৰকাৰে ব্যৱস্থা ল’ব পৰা নাই কিয় বুলিও প্ৰশ্ন কৰে.লুৰিণজ্যোতি গগৈয়ে।
Photo Credit:@abdulrajjak