19 C
Guwahati
Friday, February 3, 2023
More

    ‘কা’ৰ পৰা ১ ইঞ্চিও পিছুৱাই নাহে চৰকাৰ, আমিও ‘কা’ৰ পৰা ১ ইঞ্চিও পিছুৱাই নাহোঃলুৰিণজ্যোতি গগৈ

    'কা' আন্দোলনত হিংসা সৃষ্টি কৰা মূল মানুহবোৰ বিজেপিৰেই

    ‘কা’ৰ পৰা ১ ইঞ্চিও পিছুৱাই নাহে চৰকাৰ, আমিও ‘কা’ৰ পৰা ১ ইঞ্চিও পিছুৱাই নাহো। সেয়া স্পষ্ট কথা। Time8ত লুৰিণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া। অসমৰ ৰাইজৰ আন্দোলনত অলপো গুৰুত্ব নিদিয়া চৰকাৰে ‘কা’ কাৰ্যকৰী কৰিলেও অসমৰ জনতাই এগৰাকীও বিদেশীৰ বোজা বহন নকৰে। NIAৰ দৰে নিৰপেক্ষ সংস্থাসমূহক চৰকাৰে নিয়ন্ত্ৰণ কৰি অসমৰ সংগ্ৰামী জনতাক ভয় খুৱাব বিচাৰি এই আন্দোলনক দমন কৰিব বিচাৰিছে।

    প্ৰলোভন, বিভাজন আৰু দমনৰ ৰাজনীতিত কেতিয়াও অসমৰ জনতাই শিৰনত নকৰে। ‘কা’ আন্দোলনত হিংসা সৃষ্টি কৰা মূল মানুহবোৰ বিজেপিৰেই। বিজেপিয়ে ‘কা’ আন্দোলনত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে। শংকৰ সংঘক লৈ কৰা বক্তব্যৰো প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ। বিজেপিৰ ১৫০০ টকীয়া ভক্তৰ মগজুৱে কাম নকৰে। সেয়ে বক্তব্যক বিকৃত কৰি অপ্ৰপ্ৰচাৰ চলাইছে। জাতিক বিশ্বসঘাটকতা আৰু প্ৰতাৰণা কৰা আৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শক হত্যা কৰাসকলক শংকৰ দেৱ সংঘৰ একাংশই বৰপীৰা কিয় পাৰি দিব বিচাৰিছে? শংকৰদেৱ সংঘৰ একাংশ নেতালৈ প্ৰশ্ন লুৰিণজোতি গগৈৰ।

    Photo Credit:@hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং