‘আজি মাঘৰ বিহুত সময়ত মহিলাসকল পাকঘৰত থাকিব লাগিছিল। কিন্তু এতিয়া ৰাজপথত আহিবলগীয়া হৈছে। ৬ গৰাকী শ্বহীদ হোৱাৰ পিছতো অসমৰ জনতাই কৈছে কা আমি নামনো। বন্দুকৰ গুলিৰে আৰক্ষীৰ লাঠীচার্জ কৰি সংগ্ৰাম বন্ধ কৰিব নোৱাৰে।’- মঙলদৈত অনুষ্ঠিত কেন্দ্ৰীয় শিল্পী দিৱসত এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ।
৫ লাখ বিদেশী ২০ লাখ হ’লে আমাৰ চাকৰি মাটি ভেটি নিব নে নিনিয়ে? এই প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিব নোৱাৰে। এই ৫ লাখ মানুহে বিয়া নাপাতিব নে, সতি-সন্ততি নহ’ব বুলি মুখ্যমন্ত্ৰী সোণোৱাললৈ প্ৰশ্ন আছুৰ সাধাৰণ সম্পাদকগৰাকীৰ। মুছলমানসকলক নাগৰিকত্ব নিদিয়ে যদি মুছলমান বিদেশীয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰে কি কৰিব বুলিও প্ৰশ্ন উত্থাপন।
যি সংখ্যাই নহওক ৭১ৰ পিছত অহা এজনো বিদেশী গ্ৰহণ নকৰো বুলি হুংকাৰ গগৈৰ। ৫৬ ইঞ্চিৰ বুকুৰ মোদীয়ে আৰু বুকু বহল কৰি গুজৰাটত সংস্থাপন কৰক বিদেশীক। গুৰুক কওক আমাৰ ধুৰন্ধৰ মন্ত্ৰীয়ে বিদেশীক গুজৰাটত সংস্থাপিত কৰিব বুলি বিজেপিক কটাক্ষ আছু নেতাজনৰ।
পশ্চিমবংগত সংস্থাপন দিব ১ কোটি বিদেশী। আৰু অসমত ৫ লাখ মাত্ৰ। কিমান ডাঙৰ কৌতুক হিমন্ত বিশ্বৰ। কিবা এটা হৈছে হিমন্তৰ। অসম চুক্তি পাহৰিলে। কেতিয়াবা ছাত্ৰ সন্থা কেতিযাবা বিজেপি কৰে তেওঁৰ কথা আলোচনা কৰি লাভ নাই বুলি হিমন্তক তীব্ৰ সমালোচনা আছুৰ সাধাৰণ সম্পাদকজনৰ।
ৰঞ্জন গগৈ আৰু নেৰিমানত কৈ হিমন্তই আইন বেছি নাজানে। নিজৰ বৌদ্ধিক স্তৰ অসমৰ ৰাইজৰ আগত পুতৌ লগাকৈ তুলি নধৰিব । সময় আহি আছে হিমন্তৰ চৰিত্ৰ দাঙি ধৰা হ’ব। এৰাল চিগা মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছত থাকোতে ইয়াত আহি বিজেপিক ভোট দিব নালাগে বুলি কৈছিল। এতিয়া শংকৰদেৱৰ বন্দনা কৰে। এই বুলি কয় হিমন্ত বিশ্বক তীব্ৰ সমালোচনা কৰে লুৰিণজ্যোতি গগৈয়ে।