33 C
Guwahati
Wednesday, September 28, 2022
More

    লামডিঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন, প্ৰশাসনে বন্ধ কৰি দিছে পথটো

    ভূমিস্খলনৰ ফলত চপৰা চপৰিকৈ খহিছে পকীপথছোৱা। ২০০ ফুট পৰ্যন্ত তললৈ খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটো

    তিনিদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত লামডিং-লংকা সংযোগী চাৰিলেনযুক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিং অসংৰক্ষিত বনাঞ্চলৰ মাজৰ পথত ভয়ংকৰ ভূমিস্খলন। ভূমিস্খলনৰ ফলত চপৰা চপৰিকৈ খহিছে পকীপথছোৱা। ২০০ ফুট পৰ্যন্ত তললৈ খহি পৰিছে ৰাষ্ট্ৰীয় ঘাইপথটো।

    চাওক ভিডিঅ’

    চাৰিলাইনযুক্ত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথছোৱা খহি পৰাৰ পিছতে হোজাই জিলা প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে ভূমিস্খলন হোৱা পথছোৱাৰে বন্ধ কৰি দিছে যান-বাহনৰ যাতায়ত। ফলত এটা পথেৰে যাতায়ত কৰিবলগীয়া হৈছে যান-বাহনসমূহ।

    উল্লেখ যে, ২৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰেই বৰাকৰ প্ৰতিখন জিলাৰ পৰা গুৱাহাটীলৈ যাতায়তৰ লগতে ম্যানমাৰলৈও যোৱা হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং