31 C
Guwahati
Wednesday, September 28, 2022
More

    পঞ্জাবৰ লুধিয়ানাত শিশু চুৰিৰ চেষ্টাৰ VIDEO ভাইৰেল

    ঘটনাটো সংঘটিত হৈছে লুধিয়ানাৰ ঋষিনগৰত। CCTVত বন্দী হোৱা দৃশ্য অনুসৰি মাজনিশা পৰিয়ালটোৰ লোকসকলে ঘৰৰ বাহিৰত শুই আছিল

    পঞ্জাবৰ লুধিয়ানা চহৰত এটি কণমানি চুৰিৰ চেষ্টাৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। এজন লোকে শিশুটিক সেই সময়ত চুৰি কৰিবলৈ চেষ্টা চলালে, যেতিয়া পৰিয়ালৰ লোক গভীৰ নিদ্ৰাত আছিল। কিন্তু সৌভাগ্যক্ৰমে চোৰটোৱে শিশুটি চোৰ কৰাৰ পূৰ্বে সাৰ পালে পৰিয়ালৰ লোক আৰু চোৰটোৰ পৰিকল্পনা হ’ল বিফল।

    ঘটনাটো সংঘটিত হৈছে লুধিয়ানাৰ ঋষিনগৰত। CCTVত বন্দী হোৱা দৃশ্য অনুসৰি মাজনিশা পৰিয়ালটোৰ লোকসকলে ঘৰৰ বাহিৰত শুই আছিল আৰু পৰিয়ালৰ সৈতে শুই আছিল ৪ বছৰীয়া কণমানিটিও। এই সময়খিনিতে এজন লোক ৰিক্সাৰে সেই স্থানত উপস্থিত হৈ চাৰিওফালে চকু ফুৰাই ৰিক্সাখনত এখন কাপোৰ মেলি লয়। ইয়াৰ পিছত আত্মীয়ৰ বুকুৰ পৰা শিশুটিক উঠাই ৰিক্সাখনত শুৱাই দিয়ে। কিন্তু চোৰটো সেইস্থানৰ পৰা পলোৱাৰ পূৰ্বে পৰিয়ালৰ এগৰাকী মহিলা সদস্য সাৰ পোৱাত শিশুটি চুৰি কৰাত ব্যৰ্থ হয় চোৰটো।

    এই ঘটনাৰ পিছতে মহিলাগৰাকীয়ে চিঞৰ বাখৰ কৰি পৰিয়ালক জগাই দিয়ে। ঘটনাস্থলীৰ পৰা চোৰটো পলাবলৈ সক্ষম হয় যদিও পিছত চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰটোক।

    চাওক ভিডিঅ’:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং